June 17, 2026 10:47 PM | gmch ashok

printer

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি মন্ত্রিত্ব গ্রহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়কনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন আৰু চিকিৎ‍সাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়।

শ্রীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে বিগত ১০ বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি তেওঁ মতপ্রকাশ কৰে ৷

 সদ্যহতে হাস্পতালখনত ৩ হাজাৰ ২০০ৰো অধিক বৰ্হিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৰাজ্যৰ এখন আগশাৰীৰ স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায় ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্রাস হ’লে গুৰুতৰ ৰোগগ্রস্তসকলক অধিক সুবিধা দিব পৰা যাব।

জাপানীজ এনকেফেলাইটিজ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয়, যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিজ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ জনসাধাৰণক সুৰক্ষিত ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মতপ্রকাশ কৰে। 

উল্লেখযোগ্য যে এই পৰিদৰ্শন কালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব, চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব, জি এম চি এইচৰ অধ্যক্ষ তথা মুখ্য অধ্যক্ষ, চিকিৎসা শিক্ষা সঞ্চালক তথা অধ্যক্ষককে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।