বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু গুলি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত ধন্দী পথাৰৰ দেৱজিৎ পেণ্ডৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলিসমূহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত মুহিকান্ত পেণ্ড নামৰ এজন লোকক প্রথমে আটক কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতেই মাজুলীৰ এক নম্বৰ মিছামৰা নিৰ্বাসী মনোজ পাথাৰী আৰু কিৰণ পেণ্ডক আৰক্ষীয়ে আটক কৰিবলৈ সমর্থ হয়। গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা অভিযানটোত আটকাধীন ব্যক্তিকেইজনে গঁড়ৰ চোৰাং চিকাৰৰ চেষ্টা কৰাৰ তথ্যও পোহৰলৈ আহিছে।
Assamese | October 17, 2025 7:46 PM | Biswanath
গহপুৰত বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক