হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলাকো সামৰি লোৱা হ’ব। কালি বিধানসভাত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে হাতী-মানুহৰ সংঘাত সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে যোৰহাট জিলাৰ গিবন অভয়াৰণ্যৰ পৰা যাতে হাতী জনাঞ্চললৈ ওলাই আহিব নোৱাৰে তাৰবাবে চৰকাৰে সৌৰ বেৰ দিয়াৰ প্রকল্প লৈছে। সেই অনুসৰি ২০২৫-২৬ বৰ্ষত অভয়াৰণ্যখনৰ সমীপৰ ৬ কিলোমিটাৰ এলেকাত সৌৰ বেৰ দিয়া হ’ব। উল্লেখযোগ্য যে হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা ছখন জিলা গোলাঘাট, গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত ইতিমধ্যে চৰকাৰে গজ মিত্ৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবদ ২০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ জৰিয়তে ইয়াৰ জৰিয়তে হাতীৰ বাসস্থান নিশ্চিত কৰা, হস্তীকুলৰ গতিবিধি নিৰীক্ষণৰ বাবে কৃত্রিম বুদ্ধিমত্তাচালিত কেমেৰা সংস্থাপন কৰা আৰু হাতীয়ে সঘনাই খাদ্য বিচাৰি ফুৰা অঞ্চলত আগতীয়াকৈ ধান ক্ৰয়ৰ ওপৰত গুৰুত্ব দিয়া হ’ব। একেদৰে যান-বাহন চলাচল কৰা পথ আৰু ৰে’লপথৰ মূল ক্ৰছিং পইণ্টত জীৱ-জন্তুৰ বাবে নিৰাপদ ক্ৰছিং নিশ্চিত কৰা হ’ব।
Assamese | June 10, 2025 12:53 PM | Jorhat
ৰাজ্য চৰকাৰে গ্ৰহণ কৰা গজ মিত্ৰ কাৰ্যসূচীৰ অধীনত যোৰহাট জিলা অন্তৰ্ভূক্ত