কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি ঝাৰখণ্ডৰ গঢ়বাত দুহেজাৰ ৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। শ্ৰী গাডকাৰীয়ে লগতে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে দুই লাখ কোটি টকাৰ ঘাইপথ প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছহেজাৰ ৩৫০ কোটি টকা মূল্যৰ ১১ টা প্রকল্পও মুকলি কৰে। এই উপলক্ষে শ্ৰী গাডকাৰীয়ে কয়, যে ৰাজ্যখনত ৪০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে আৰু ৭০ হাজাৰ কোটি টকা মূল্যৰ আন কেইটামান প্ৰকল্পৰ কাম চলি আছে। তেওঁ ৭৫ হাজাৰ কোটি ব্যয় সাপেক্ষ অন্য কেইটামান প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে বুলিও উল্লেখ কৰে । আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক বিকাশৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি শ্ৰী গাডকাৰীয়ে মন্তব্য কৰে।
Assamese | July 3, 2025 8:30 PM | Nitin Gadkari
ঝাৰখণ্ডত ২,৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন নীতিন গাডকাৰীৰ