প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেৰ’ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই শক্তি, জৈৱ ইন্ধন, প্ৰতিৰক্ষা আৰু কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জি-২০ অধ্যক্ষতাৰ সময়ত গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক প্ৰশংসা কৰে। প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে বৈঠকত তেওঁলোকে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা চলায়।
Assamese | November 19, 2024 8:30 PM | G-20 summit
জি-২০ শীৰ্ষ সন্মিলনত ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক প্রধানমন্ত্ৰীৰ সাক্ষাৎ