November 20, 2024 11:31 AM

views 22

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ ব্রাজিলৰ ৰিঅ’ ডি জেনেৰোত সামৰণি

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ কালি ব্রাজিলৰ ৰিঅ' ডি জেনেৰোত সামৰণি পৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ হাতত অৰ্পণ কৰে। সামৰণি ভাষণত ৰাষ্ট্ৰপতি লুলাই ব্রাজিলৰ অধ্যক্ষতাত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এনে পদক্ষেপৰ ভিতৰত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় জোঁটৰ শুভাৰম্ভ, কৰ আৰোপন সন্দৰ্ভত নজিৰবিহীন বিতর্ক, বিত্ত মন্ত্ৰালয় আৰু কেন্দ্ৰীয় বেংকসমূহৰ কাৰ্যসূচীত জলবায়ু পৰিৱৰ্তনৰ অন্তৰ্ভুক্তি আৰু জৈৱ অৰ্থ...

November 19, 2024 8:30 PM

views 25

জি-২০ শীৰ্ষ সন্মিলনত ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক প্রধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই শক্তি, জৈৱ ইন্ধন, প্ৰতিৰক্ষা আৰু কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জি-২০ অধ্যক্ষতাৰ সময়ত গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক প্ৰশংসা কৰে। প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে বৈঠকত তেওঁলোকে ভাৰত আৰু ব্ৰাজিলৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যা...

November 19, 2024 6:05 PM

views 32

জি-২০ শীর্ষ সন্মিলনত কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে প্রধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰিঅ' ডি জেনেঅ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে কালি কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে বৈঠকত মিলিত হয়। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ইজিপ্তৰ ৰাষ্ট্ৰপতি অব্দেল ফটহ অল চিচি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়োল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা, ৱ'ন ডেৰ লেএনসহ কেইবাগৰাকীও নেতাৰ সৈতে হোৱা এই আলোচনাৰ সবিশেষ প্ৰকাশ কৰিছে। ইউৰোপীয় সংঘৰ অধক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ভাৰতে বিশ্বৰ হিতৰ বাবে ইউৰোপীয় সংঘৰ সৈতে ঘনিষ্ঠ সহযোগিতা...