বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচিক ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ বুলি অভিহিত কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি সভ্যতা ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত দেলহি হেৰিটেজ শীৰ্ষক কাৰ্যসূচীত ভাষণ দি ড০ জয়শংকৰে কয় যে, G-20ত আমাৰ অধ্যক্ষতা সমগ্র দেশে উদযাপন কৰিছে। বিভিন্ন দিশৰ পৰা এয়া আছিল আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণ, য’ত বিশ্বক নেতৃত্ব দিয়া তথা প্ৰভাৱিত কৰা কেতবোৰ দেশৰ পৰিৱৰ্তে দেশৰ পৰিসৰ ব্যাপক হৈছে। এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা স্পষ্টভাৱে প্ৰতিফলিত হৈছে। তেওঁ লগতে কয় যে, G- 20 কাৰ্যসূচীক ৰাজনৈতিক আৰু অৰ্থনৈতিক পুনৰ ভাৰসাম্যতাৰ পিছত বৰ্তমান সাংস্কৃতিক পুনৰ ভাৰসাম্যতাত গুৰুত্ব দিয়া হৈছে।
Assamese | April 1, 2024 10:51 AM | G20 | G20 Meet | India | India Govt. | Jaishankar
ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G-20ৰ কাৰ্যসূচী ৰাজনৈতিক আৰু অর্থনৈতিক পুনৰভাৰসাম্যতাৰ উদাহৰণঃ বিদেশ মন্ত্রী জয়শংকৰ