ফ্ৰান্সৰ ইভিয়ানত কালি জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ ৫২ সংখ্যক সন্মিলন আৰম্ভ হৈছে। বৈঠকত বিশ্বৰ আগশাৰীৰ অর্থনীতিসম্পন্ন দেশসমূহৰ নেতৃবৃন্দ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে।
বৈঠকৰ সৈতে সংগতি ৰাখি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰই “বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ একেলগে কাম কৰা” বিষয়ত আলোচনা কৰিবলৈ কালি নৈশভোজৰো আয়োজন কৰে৷
ইয়াৰ পূৰ্বে শ্ৰীমেক্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প, ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰকে ধৰি জি-চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলক আনুষ্ঠানিকভাৱে আদৰণি জনায়। সন্মিলনত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চলা ভন ডেৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কোষ্টায়ো ভাগ লৈছে৷
এই তিনিদিনীয়া শীৰ্ষ সন্মিলনৰ সময়ছোৱাত নেতাসকলে বিশ্বৰ ভাৰসাম্যহীনতা হ্ৰাস কৰা, বৃহৎ ভূ-ৰাজনৈতিক সংকট, শিশুৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰা, সংগঠিত অপৰাধ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰা আদি বিষয়ত আলোচনা কৰাৰ আশা কৰা হৈছে৷
উল্লেখযোগ্য যে জি-চেভেন শীর্ষ সন্মিলন হৈছে জি-চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰ কানাডা, ফ্রান্স, জার্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনা মঞ্চ।