অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত বিদেশী নেতা-জ্যেষ্ঠ বিষয়া

অষ্টাদশ ব্রিকছ শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে ভালেসংখ্যক বিদেশী নেতা আৰু জ্যেষ্ঠ বিষয়া নতুন দিল্লীত উপস্থিত হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবো ছুবিয়াণ্টোই যোৱা নিশা ৰাজধানী মহানগৰখনত উপস্থিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় কয়লা আৰু খনি ৰাজ্য মন্ত্ৰী সতীশ চন্দ্ৰ ডুবেই বিমান বন্দৰত আদৰণি জনায়।

বুৰুণ্ডিৰ ৰাষ্ট্ৰপতি এভাৰিষ্টে নাডাইছিমিয়ে আফ্রিকান ইউনিয়নক প্ৰতিনিধিত্ব কৰি ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে কালি নতুন দিল্লীত উপস্থিত হয়। তেওঁক কেন্দ্ৰীয় গধূৰ উদ্যোগ আৰু তীখা ৰাজ্য মন্ত্ৰী ভূপাথীৰাজু শ্ৰীনিবাস বাৰ্মাই আদৰণি জনায়।

আবুধাবিৰ যুৱৰাজ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ অল নাহয়ান আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্রাহিমেও ইতিমধ্যে ভাৰতত উপস্থিত হৈছে। দুয়োগৰাকী অতিথিক কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্রী কীৰ্তিবর্ধন সিঙে বিমান বন্দৰত আদৰণি জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, যে আবুধাবিৰ যুৱৰাজগৰাকীৰ ভাৰতলৈ এই আগমনৰ সুবাদতে ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজত সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী হ’ব আৰু বাণিজ্য তথা শক্তি সুনিশ্চিতকৰণৰ দিশত ই ইতিবাচক প্রভাব পেলাব।

ভাৰত আৰু মালয়েছিয়াৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্বন্ধৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰীগৰাকীৰ এই ভাৰত ভ্ৰমণে বাণিজ্য, বিনিয়োগ, ডিজিটেল অর্থনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব।

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফটাহ অল ছিছি, ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি মহম্মদ আলীও কালি সন্ধিয়া নতুন দিল্লীত উপস্থিত হয়। দুয়োগৰাকী নেতাক কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্ৰী সঞ্জয় সেথে আদৰণি জনায়। উল্লেখযোগ্য যে ভাৰত আৰু ইজিপ্তৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আছে। একেদৰে ভাৰত আৰু ইথিওপিয়াই কৌশলগত অংশীদাৰিত্বৰে বিভিন্ন খণ্ডত একেলগে কাম কৰি আহিছে।

ফিলিপিন্সৰ ৰাষ্ট্ৰপতি ভার্ডিনান্দ মাৰ্কোছ জুনিয়ৰ, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, ৰাছিয়াৰ উপ-প্রধানমন্ত্রী এলেক্সে অভাৰচ্যুক আৰু থাইলেণ্ডৰ উপ-প্রধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্রী ছিহাছক ফুনাংগকেটকেও আৰু নাইজেৰিয়াৰ উপ-ৰাষ্ট্ৰপতি কাছিম ছেট্টিমা কালি নতুন দিল্লীত উপস্থিত হয়।

ব্রাজিল, চীন, ইথিওপিয়া, ইজিপ্ত, ইণ্ডোনেছিয়া, ভাৰত, ৰাছিয়া, ইৰাণ, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ ইউ এ ইকে ধৰি ১১খন গুৰুত্বপূৰ্ণ বিকাশশীল অৰ্থব্যৱস্থাৰ দেশে অংশগ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে নতুন দিল্লীত ব্ৰীকছ সন্মিলনৰ বাবে উপস্থিত হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো দেশৰ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব আৰু বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰি জনসাধাৰণৰ কল্যাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।