এ এফ চি ১৭ বছৰ অনূর্ধ মহিলাৰ এছিয়ান কাপ ফুটবলৰ কোৱালিফায়াৰ্ছত ভাৰত আজি আয়োজক দেশ কিৰগিজ গণতন্ত্ৰৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। গ্রুপ-জিৰ উদ্বোধনী খেলখন আজি ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৬ বজাত বিচকেকৰ অমুৰজাক’ভ স্টেডিয়ামত অনুষ্ঠিত হ’ব। এ এফ চি ১৭ বছৰ অনূর্ধ মহিলাৰ এছিয়ান কাপ ফুটবলত ভাৰতীয় মহিলা দলটোৱে ইয়াৰ পূৰ্বে ২০০৫ চনতেই অবতীর্ণ হৈছিল। সুদীর্ঘ ২১ বছৰ বিৰতিৰ পাছতহে মহাদেশীয় পর্যায়ত তেওঁলোকে খেলাৰ সুযোগ লাভ কৰিছে। গ্ৰুপৰ আন এটা দল হৈছে উজবেকিস্তান। গ্রুপ পর্যায়ত বিজয়ী দলটোৱেহে অহাবছৰ মে’ত চীনত ১২ খন দেশৰ মাজত হ’বলগীয়া ফাইনেল প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অর্জন কৰিব।
Assamese | October 13, 2025 12:53 PM | Football
এ এফ চি এছিয়ান কাপ ফুটবলৰ কোৱালিফায়াৰ্ছত ভাৰত আজি কিৰগিজ গণতন্ত্ৰৰ বিৰুদ্ধে অৱতীর্ণ