অহা ১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে। বৈদ্যুতিক সংবাদ মাধ্যমৰ টক শ্ব’ বা অন্যান্য যিকোনো মাধ্যমৰ বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্রহণ নকৰে বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মিডিয়া কমিউনিকেশ্বন বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ভোটগণনাৰ দিনা বা প্রাক নির্বাচনী সমীক্ষা বিষয়ক অন্যান্য আলোচনা আৰু বিতৰ্কত কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই জানিবলৈ দিছে।
Assamese | May 31, 2024 7:26 PM | Assam Election | Congress | Lok Sabha Elections 2024 | Lok Sabha polls
১ জুনত প্ৰকাশ পাবলগীয়া প্রাক্ নির্বাচনী সমীক্ষাত কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অগ্ৰসৰ নকৰে