বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ হৈ থকা পৰ্যটকসকলক আজি পুৱাৰে পৰা নিৰাপদে উদ্ধাৰ কৰাৰ কাম অব্যাহত আছে। জিলাখনৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি পৰ্যটকসকলক ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৰাজ্যৰ ৰাজধানী গেংটকলৈ পথেৰে লৈ যোৱাৰ কাম অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকক বিমানেৰে স্থানান্তৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ পৰ্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ছেৰিং থেণ্ডুপ ভূটিয়াৰ তত্বাৱধানত ছুংথাঙত আবদ্ধ হৈ থকা ১৫ গৰাকী বিদেশী পর্যটককে ধৰি কমেও দুহেজাৰ গৰাকী পৰ্যটকক বিমান আৰু পথেৰে স্থানান্তৰ কৰাৰ প্ৰচেষ্টা দুদিন ধৰি অব্যাহত আছে। আজি সন্ধিয়াৰ ভিতৰত আৰু ৫০ গৰাকী পৰ্যটকক উলিয়াই আনিব পৰা হ’ব বুলি আশা কৰা হৈছে। বতৰ অনুকূল হৈ উঠিলে কাইলৈ হেলিকপ্টাৰযোগে পর্যটকসকলক স্থানান্তৰৰ বাবে ব্যৱস্থা ৰখা হৈছে। ইপিনে, অধিক ক্ষতিগ্রস্ত মংগন জিলাত উদ্ধাৰ অভিযানৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন অভিযান চলি আছে। ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত ৯ জন লোকৰ প্ৰাণ হানি হৈছে। তদুপৰি বৰষুণৰ ফলত বিভিন্ন স্থানত পথ যোগাযোগ ব্যাহত হৈছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত শীঘ্ৰেই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে সীমান্ত পথ সংস্থাই প্রচেষ্টা অব্যাহত ৰাখিছে।
Assamese | June 17, 2024 8:47 PM | Evacuation of Stranded Tourists Begins in Flood-Hit Sikkim; Road Rescue Underway
বান ক্ষতিগ্ৰস্ত ছিকিমৰ মংগন জিলাৰ ছুংথাঙত আবদ্ধ পৰ্যটকক উদ্ধাৰৰ কাম অব্যাহত