March 20, 2025 8:10 PM | Election Commission

printer

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে যোৱা এটা মাহত নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নির্বাচন আয়োগে আজি এখন বিজ্ঞপ্তি যোগে এই বুলি কৈছে যে, আয়োগে প্রায় এক কোটি নির্বাচনী বিষয়াৰ বাবে কেতবোৰ ডিজিটেল প্রশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। আয়োগে কৈছে যে, জ্ঞানেশ কুমাৰে নতুন মুখ্য নির্বাচনী আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এমাহৰ ভিতৰতেই নিৰ্বাচনী আয়ুক্তদ্বয় ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ সৈতে লগ লাগি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। আয়োগে দেশজুৰি ভুৱা ভোটাৰ পৰিচয় পত্ৰৰ শতিকাজোৰা সমস্যাটো তিনি মাহৰ ভিতৰত সমাধান কৰিবলৈ সমৰ্থ হৈছে বুলিও বিজ্ঞপ্তিখনত লগতে প্ৰকাশ কৰা হৈছে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।