নতুন দিল্লীত কালি এন চি পিৰ এটা প্ৰতিনিধি দলে নিৰ্বাচন আয়োগৰ সৈতে মত বিনিময় কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ তথা নিৰ্বাচন আয়ুক্তদ্বয় ড০ সুখবীৰ সিং সান্ধু আৰু ড০ বিবেক যোশীয়ে এন চি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ব্ৰীজমোহন শ্ৰীবাস্তৱৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰে। উল্লেখযোগ্য যে, বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলৰ সভাপতিসকলৰ সৈতে নিৰ্বাচন আয়োগৰ মত-বিনিময় কাৰ্যসূচীৰ অংশ হিচাপেই এই বৈঠক অনুষ্ঠিত হয়। বিগত ১৫০ দিনত মুঠ ৪ হাজাৰ ৭১৯ খন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়, য’ত ৪০ খন বৈঠক মুখ্য নিৰ্বাচনী বিষয়াৰ দ্বাৰা, ৮০০ খন জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা আৰু ৩ হাজাৰ ৮৭৯ খন বৈঠক নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ দ্বাৰা অনুষ্ঠিত কৰা হয়। এই বৈঠকসমূহত বিভিন্ন ৰাজনৈতিক দলৰ ২৮ হাজাৰতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Assamese | August 13, 2025 12:16 PM | Election Commission
নিৰ্বাচন আয়োগৰ সৈতে এন চি পিৰ এটা প্ৰতিনিধি দলৰ মত বিনিময়