বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুগৰাকী নেতাই বিগত বৰ্ষৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰ হোৱা বুজাবুজি চুক্তিৰ পাছৰ পৰ্যায়ৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে উভয় দেশৰ প্রয়োজনীয় বিষয়সমূহত আলোচনা কৰে। ড০ খলিলে ভাৰতে মালদ্বীপৰ প্ৰয়োজনত তৎকালে আর্থিক সাহায্য প্ৰদান কৰাৰ বিষয়ৰ শলাগ লৈ কয়, যে এই পদক্ষেপে প্রথম সঁহাৰি প্ৰদানকাৰী হিচাপে ভাৰতৰ ভূমিকাক প্ৰতিফলিত কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰত-মালদ্বীপ বিস্তৃত অৰ্থনীতি আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰীৰ ক্ষেত্ৰত যুটীয়া দৰ্শনক মনত ৰাখি ৰাষ্ট্ৰপতি মুইজ্জু আৰু মালদ্বীপ চৰকাৰ ভাৰতৰ সৈতে সহযোগিতা আগবঢ়াবলৈ বদ্ধপৰিকৰ। বৈঠকত দুয়োখন দেশে ভাৰতৰ অনুদান সাহায্যৰ জৰিয়তে মালদ্বীপত সমুদায় বিকাশ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ অধীনত ৰূপায়ণ কৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।
Assamese | January 4, 2025 11:57 AM | EAM Jaishankar assures continued support to Maldives | under India’s ‘Neighbourhood First’ policy
নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলৰ দ্বিপাক্ষিক বৈঠক