January 4, 2025 11:57 AM

views 31

নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলৰ দ্বিপাক্ষিক বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুগৰাকী নেতাই বিগত বৰ্ষৰ অক্টোবৰত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ ভাৰত ভ্ৰমণৰ সময়ত স্বাক্ষৰ হোৱা বুজাবুজি চুক্তিৰ পাছৰ পৰ্যায়ৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে উভয় দেশৰ প্রয়োজনীয় বিষয়সমূহত আলোচন...