আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীবন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ‘ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ‘ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ‘ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ। সেইদিনা নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰবৰী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | November 6, 2025 7:46 PM | Dristripaat
আকাশবাণীৰ শনিবাৰ দৃষ্টিপাত অনুষ্ঠানত এইবাৰ কেইগৰাকীমান প্ৰাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থন