আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ শিল্পী দিৱস উপলক্ষে কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ফে’চবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ’ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ ১৮ জানুৱাৰী দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | January 16, 2026 12:30 PM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিল্পী দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন