সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভকৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বর্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে অহা ২২ নবেম্বৰ, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য, অধিবক্তা তথা সমাজকর্মী আৰু সাংবাদিকে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | November 20, 2025 12:26 PM | Dristripaat
প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত মাতৃভাষা মাধ্যম অন্তৰায় নেকি এই সন্দৰ্ভত শনিবাৰৰ বিশেষ দৃষ্টিপাত