অসমত ৰে‘ল সেৱা বিশেষকৈ যাত্রীবাহী ৰে‘ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে‘লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰে‘লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰে‘ল সেৱাৰ সাম্প্ৰতিক অবস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰে।
Assamese | October 18, 2025 12:55 PM | Dristripaat
যাত্রীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণীত আজি বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ