আকাশবাণী গুৱাহাটীৰ আজি নিশা চাৰে ন বজাত প্ৰচাৰ হ’বলগীয়া দৃষ্টিপাত লোক নির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানত ৰাজ্যিক নির্বাচন বিভাগৰ সচিব কৈলাস কার্তিক এন, নির্বাচন বিভাগৰ যুটীয়া সচিব পংকজ চক্ৰৱৰ্তী আৰু উপ-মুখ্য নির্বাচনী বিষয়া মানৱেন্দ্র ভৰালী উপস্থিত থাকিব। শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬, ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ অংশ ল’ব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্রতিম শৰ্মাই।
Assamese | April 9, 2024 12:37 PM | dristripat
আকাশবাণী গুৱাহাটীত আজি নিশা ৯.৩০ বজাত ‘দৃষ্টিপাত লোক নির্ণয় ২০২৪’ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা