বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ভাৰত আৰু চীনৰ সীমান্তত অৱস্থিত নদীসমূহৰ ক্ষেত্ৰত সহযোগিতা আৰু চীনৰ অংশত থকা ইয়াৰ জলভাগৰ তথ্য ভাৰতক অৱগত কৰোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। বেইজিঙত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত কালি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ উপস্থিতিত ড° জয়শংকৰে এই মন্তব্য প্ৰকাশ কৰে। এই বৈঠকতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ পথত থকা বাধাসমূহ আঁতৰোৱাৰ সন্দৰ্ভতো আলোচনা কৰে। ড° জয়শংকৰে সীমান্তত বিৰাজ কৰা শান্তিয়ে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পর্কক ইতিবাচক প্ৰভাৱ পেলোৱা বুলি মন্তব্য কৰে। তেওঁ কৈলাশ মানসৰোবৰ যাত্ৰাত চীনে আগবঢ়োৱা সহযোগিতাৰ বাবে দেশখনৰ প্ৰশংসা কৰে। দুয়ো দেশৰ জনসাধাৰণৰ মাজত ভাৱ বিনিময় কৰাৰ লগতে ভ্ৰমণ আৰু পোনপটীয়া বিমান সংযোগ স্থাপনৰ বাবেও এই বৈঠকত দুয়ো দেশে সন্মতি প্ৰকাশ কৰে। ড° জয়শংকৰে চীনৰ বৈদেশিক মন্ত্রী ৱাং য়িৰ সৈতে বেইজিঙত হোৱা এখন বৈঠকত হোৱা ভাৰত আৰু চীনৰ মাজত ক্ৰমাৎ ইতিবাচক সম্পৰ্ক গঢ় লৈ উঠা বুলিও মন্তব্য কৰে। তেওঁ কয়, যে দুয়োখন দেশে বিগত ৯ মাহত দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। দুয়ো দেশৰ জনসাধাৰণৰ স্বাভাৱিক সম্পৰ্ক আৰু ভাৱ বিনিময়ে ভাৰত আৰু চীন উভয়কে লাভান্বিত কৰিব বুলি ড° জয়শংকৰে মত প্ৰকাশ কৰে।
Assamese | July 15, 2025 11:33 AM | DR. S. joysankar
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ সৈতে ড° এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক