July 13, 2024 1:29 PM | Akashvani | India

printer

দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ দিব্যাংগ সবলীকৰণ বিভাগৰ

● দিব্যাংগ সবলীকৰণ বিভাগে দিব্যাংগসকলৰ সক্ষমতা বৃদ্ধিৰ বাবে কাম কৰি থকা সংস্থাসমূহক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আবেদন প্রক্ৰিয়াৰ বাবে আমন্ত্ৰণ জনাইছে। সামাজিক ন্যায় আৰু অধিকাৰিতা বিভাগে দিব্যাংগসকলৰ উদ্দেশ্যে কাম কৰা সংগঠনসমূহক উৎসাহিত কৰিবলৈ এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে। প্ৰতি বছৰে ৩ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে বিশেষভাৱে সক্ষম লোকৰ উন্নতিৰ উদ্দেশ্যে কাম কৰা ব্যক্তি, সংস্থা, সংগঠন, ৰাজ্য আৰু জিলাসমূহক এই পুৰস্কাৰ প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে ৩১ জুলাই পর্যন্ত অন লাইন আবেদন কৰিব পাৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।