হিমাচল প্ৰদেশৰ ধৰ্মশালাত যোৱা ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপৰ ৯৩ কিলোগ্রাম অনূৰ্ধ্ব শাখাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ সহকাৰী অধ্যাপক ড০ আর্শ্বাদ হুছেইনে সোণৰ পদক অৰ্জন কৰিছে। ড০ হুছেইনে তেওঁৰ প্ৰশিক্ষক খ্যাতিসম্পন্ন পাৱাৰ লিফ্টাৰ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত তিনিবাৰকৈ পদক বিজেতা পুৰুষোত্তম সোণোৱালৰ তত্ত্বাৱধানত এই প্রতিযোগিতাত যোগদান কৰিছিল। এই প্ৰতিযোগিতাৰ পৰহিলৈ সামৰণি পৰিব।
Assamese | April 24, 2025 12:02 PM | dibrugarh university arshad hussain
হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ আর্শ্বাদ হুছেইনৰ সোণৰ পদক অৰ্জন