ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত আজি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা নির্বাচনী বিষয়াসকলেও অংশগ্রহণ কৰে। এই বৈঠকত জিলাখনৰ ছটা বিধানসভা সমষ্টিৰ এহেজাৰ ২৪৪টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ৰাজনৈতিক দলৰ দ্বাৰা উন্নয়ন খণ্ড পৰ্যায়ৰ এজেণ্ট নিযুক্তি তথা ভোটাৰ তালিকা সংশোধনৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। তদুপৰি নিৰ্বাচন সংক্রান্তীয় বিভিন্ন বিষয় যেনে- ভোটগ্রহণ কেন্দ্র নিৰ্ধাৰণ, স্থানান্তৰণ আৰু যাৱতীয় মেৰামতিকে ধৰি কেইবাটাও বিষয়ে বৈঠকত স্থান লাভ কৰে।
Assamese | March 17, 2025 7:01 PM | Dibrugarh
ডিব্ৰুগড়ত জিলা আয়ুক্তৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত