ডিব্ৰুগড় জিলাৰ ধেমেচি মাজুমেলীয়াৰ ধনেখনাৰ পাৰৰ ৰাণীমুখ চোমণিত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত হ‘ব। ধনেখনা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অঞ্চলটোৰ পাঁচটা যুৱ সংগঠনে ৰাইজৰ সহযোগত আয়োজন কৰা এই নাট উৎসৱত ৰাজ্যখনৰ আগশাৰীৰ কেইবাটাও নাট্যগোষ্ঠীয়ে নাট প্রদর্শন কৰিব। আজি পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু বন্তি প্রজ্বলনৰ পাছতে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই নাট উৎসৱ উদ্বোধন কৰিব। উদ্বোধনী অনুষ্ঠানত মন্ত্রী বিমল বৰা, বিধায়ক চক্ৰধৰ গগৈ, নাট্যকাৰ মুনীন শৰ্মা আৰু অধ্যাপিকা ড° পল্লবী ডেকা বুজৰবৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই উৎসৱত প্রতিদিনে দুখনকৈ নাট মঞ্চায়ন হ‘ব।
Assamese | January 21, 2026 12:34 PM | Dibrugarh
ডিব্ৰুগড়ত আজিৰেপৰা তিনিদিনীয়াকৈ চতুর্থ বার্ষিক ধনেখনা নাট উৎসৱ, ২০২৬ অনুষ্ঠিত