ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰে এজন লোকক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়। বর্তমানলৈকে দুর্ঘটনাত পতিত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই। প্রত্যক্ষ দর্শীয়ে জনোৱা অনুসৰি দুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত লোক ৩ জন আহত হয়।
Assamese | January 10, 2026 7:15 PM | Dibrugarh
৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া পথ দুর্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত