ডিব্ৰুগড় জিলা ক্রীড়া বিষয়া কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে এই মহোৎসৱ অনুষ্ঠিত হ’ব। আজিৰ সভাত জিলা ক্রীড়া বিষয়া চেমি শইকীয়াই এই সন্দৰ্ভত সকলোকে অৱগত কৰে। দেশৰ গাঁৱে-ভূঞে তৃণমূল পৰ্যায়ত ক্রীড়া প্রতিভাক চিনাক্ত কৰি বিকশিত কৰা, পৰম্পৰাগত আৰু থলুৱা খেলসমূহৰ প্ৰচাৰ কৰাৰ লগতে অঞ্চলভিত্তিক চিনাক্ত কৰি খেলসমূহ সংৰক্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। সাংসদ খেল মহোৎসৱ ২০২৫ৰ নিৰ্ধাৰিত পাঁচটা অলিম্পিক স্বীকৃতিপ্রাপ্ত প্রতিযোগিতা, ফুটবল, ভলীবল, ক্রিকেট আৰু লঘু আৰু দীৰ্ঘ দূৰত্বৰ এথলেটিকছ্।
Assamese | September 9, 2025 7:28 PM | Dibrugarh
সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত