সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজী জিলা সমিতিয়ে আজি ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত কৰি এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ জিলাখনৰ ৪৫০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনায়। অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কৃতী ছাত্র-ছাত্রীসকলক সফল শৈক্ষিক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে মেধাৱী শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এনেধৰণৰ সম্বৰ্ধনা কাৰ্যসূচীৰ আয়োজন কৰাৰ বাবে ছাত্ৰ সংগঠনটোৰ শলাগ লয়।
Assamese | June 7, 2025 7:15 PM | Dhemaji
ধেমাজী ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন কার্যসূচী অনুষ্ঠিত