ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছে। জিলাখনৰ জোনাইৰ মাজেৰে বৈ যোৱা চিয়াং নৈ আৰু পবা বনাঞ্চলৰ দাঁতি কাষৰীয়া লালী চিয়াং নৈত শীতৰ এই সময়ছোৱাত নানান পৰিভ্ৰমী চৰাই দেখা পোৱা গৈছে। খৰালী চিয়াং নৈৰ জলপৃষ্ঠ শুকাই যোৱাৰ ফলত সৃষ্টি হোৱা সৰু-বৰ জলাশয়সমূহ পৰিভ্ৰমী চৰাইৰ বাবে উপযুক্ত আশ্রয়স্থল হৈ পৰিছে। সেয়েহে দেশী-বিদেশী চৰাইসমূহে এই জলাশয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে। একেদৰে, অসমৰ দ্বিতীয় বৃহৎ নদীদ্বীপ হিচাপে পৰিচিত কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণে অঞ্চলটোত নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে। পৰিভ্ৰমী চৰাইৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ জিলাখনৰ এই অঞ্চলসমূহলৈ ভালেসংখ্যক প্রকৃতিপ্রেমী আৰু চৰাই পৰ্য্যবেক্ষকৰ আগমণ ঘটিছে বুলিও আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে।
Assamese | December 19, 2025 6:49 PM | dhmaji
ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ