December 19, 2025 6:49 PM

views 29

ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ

ধেমাজি জিলাৰ বনাঞ্চলসমূহত নানান প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটিছে। জিলাখনৰ জোনাইৰ মাজেৰে বৈ যোৱা চিয়াং নৈ আৰু পবা বনাঞ্চলৰ দাঁতি কাষৰীয়া লালী চিয়াং নৈত শীতৰ এই সময়ছোৱাত নানান পৰিভ্ৰমী চৰাই দেখা পোৱা গৈছে। খৰালী চিয়াং নৈৰ জলপৃষ্ঠ শুকাই যোৱাৰ ফলত সৃষ্টি হোৱা সৰু-বৰ জলাশয়সমূহ পৰিভ্ৰমী চৰাইৰ বাবে উপযুক্ত আশ্রয়স্থল হৈ পৰিছে। সেয়েহে দেশী-বিদেশী চৰাইসমূহে এই জলাশয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে। একেদৰে, অসমৰ দ্বিতীয় বৃহৎ নদীদ্বীপ হিচাপে পৰিচিত কবু চাপৰিত বন ঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণে অঞ্চলটোত নান্দনিক পৰিৱেশ...