দিল্লীৰ দ্বাৰকাৰ যশোভূমিত চলি থকা ভাৰতীয় শক্তি সপ্তাহ ২০২৫ত কালি অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন কৰা হয়। এই সত্ৰত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা দলে বিনিয়োগৰাকীসকলক বিশেষকৈ হাইড্রোকার্বন আৰু আনুসঙ্গিক খণ্ডৰ কাণ্ডাৰীসকলক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। অসম সম্পৰ্কীয় এই সত্ৰত বিনিয়োগ, ব্যৱসায় আৰু সংবাদ জগতৰ প্ৰায় ১৫০গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। অসমত পেট্ৰ’কেমিকেল খণ্ডৰ বিনিয়োগৰ সুযোগৰ বিষয়ে বক্তাসকলে আলোকপাত কৰে ৷
Assamese | February 14, 2025 1:04 PM | Delhi
ভাৰতীয় শক্তি সপ্তাহ ২০২৫ ত অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন