দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলৰ অধীনৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা কেইবাটাও হাতীৰ দলে জনাঞ্চলত প্ৰৱেশ কৰি জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ জিলা দণ্ডাধীশে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি, উপুট, কল্লপাৰা, মনিয়েৰী, পাৰাকুছি, মাগুৰপাৰা, দহালি, ভাগৱতীপাৰা, ৰাজাপুখুৰী আদি অঞ্চলত কাইলৈ পুৱা ৫ বজালৈকে কাৰ্যকৰী হোৱাকৈ জনসাধাৰণক অনাহকত ঘৰৰ বাহিৰলৈ আহ-যাহ কৰা, যান-বাহন চলাচল কৰা, হাতী খেদিবলৈ শিল দলিওৱা আৰু ফটকা ফুটোৱা আদি কাৰ্য ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধ কৰা হৈছে। এগৰাকী সংবাদদাতাই জনোৱা মতে যোৱা শুকুৰবাৰে বনৰীয়া হাতীৰ আক্ৰমণত এজন মধ্য বয়সীয়া লোক নিহত হয়। এই ঘটনাৰ পাছত গাঁওবাসীয়ে হাতী খেদিবলৈ নিজাববীয়াকৈ চেষ্টা চলোৱাৰ ফলত হাতীৰ দলটো বিভ্ৰান্ত হৈ পৰে। বন বিভাগে আজি এই হাতীৰ দলটো পুনৰ বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে প্ৰয়াস চলাইছে। পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আজি এই অঞ্চলসমূহ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।
Assamese | May 22, 2025 8:21 PM | Dakhin kamrup
দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেতবোৰ নিষেধাজ্ঞা জাৰি