May 22, 2025 8:21 PM

views 51

দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কেতবোৰ নিষেধাজ্ঞা জাৰি

দক্ষিণ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত লোহাৰঘাট বনাঞ্চলৰ অধীনৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা কেইবাটাও হাতীৰ দলে জনাঞ্চলত প্ৰৱেশ কৰি জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ জিলা দণ্ডাধীশে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি, উপুট, কল্লপাৰা, মনিয়েৰী, পাৰাকুছি, মাগুৰপাৰা, দহালি, ভাগৱতীপাৰা, ৰাজাপুখুৰী আদি অঞ্চলত কাইলৈ পুৱা ৫ বজালৈকে কাৰ্যকৰী হোৱাকৈ জনসাধাৰণক অনাহকত ঘৰৰ বাহিৰলৈ আহ-যাহ কৰা,...