November 20, 2025 12:31 PM | Cricket

printer

পৰহিলৈৰ পৰা হ’বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দলৰ অনুশীলন আৰম্ভ

পৰহিলৈৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ‘ছিয়েছনৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে হ‘বলগীয়া গুৱাহাটী টেষ্টৰ বাবে ভাৰত আৰু দক্ষিণ আফ্রিকাৰ দল দুটাই আজি অনুশীলন চলাব। পুৱাৰ ভাগত গৌতম গম্ভীৰ আৰু ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে বর্ষাপাৰা ষ্টেডিয়ামৰ উইকেট পর্যবেক্ষণ কৰে। আজি পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ দক্ষিণ আফ্রিকাৰ দলে ষ্টেডিয়ামত অনুশীলন চলোৱাৰ বিপৰীতে দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ ভাৰতীয়ে দলটোৱে অনুশীলন চলাব। একেদৰে কাইলৈ ভাৰতীয় দলটোৱে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দক্ষিণ আফ্ৰিকাৰ দলে দুপৰীয়া ১ বজাৰ পৰা বিয়লি ৪ বজালৈ ষ্টেডিয়ামত অনুশীলন চলাব।

উল্লেখযোগ্য যে কালি গুৱাহাটীত উপস্থিত হোৱা ক্রিকেট দল দুটাক বিশেষ ছাৰ্টাৰ্ড বাছেৰে বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয়। বিমান বন্দৰ আৰু হোটেলত দল দুটাৰ অগণন অনুৰাগীয়ে তেওঁলোকক হৰ্ষোধবনিৰে আদৰণি জনায়।

দুয়োটা দলৰ মাজৰ চলিত দুখনীয়া ক্রিকেট টেষ্ট শৃংখলাটোত দক্ষিণ আফ্রিকাই কলকাতাত অনুষ্ঠিত প্রথম টেষ্টত জয়লাভ কৰি ১-০ৰ অগ্রগতি লাভ কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।