ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত হ‘ব। খেলখন কিছুসময় পাছতে আৰম্ভ হ‘ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পাছত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে টেম্বা বাভুমাৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰখাৰ প্ৰয়াস কৰিব। এই শৃংখলাটো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চলিত চিজনৰ বাবেও গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। শৃংখলাৰ দ্বিতীয়খন খেল ২২ৰ পৰা ২৬ নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ‘ব।
Assamese | November 14, 2025 12:11 PM | Cricket
আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল