বৰপেটা জিলা ক্রিকেট দলে ১৪ বছৰ অনুৰ্দ্ধ পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে আজি বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত কোকৰাঝাৰক ২৫ ৰাণত পৰাস্ত কৰে। খেলখনত বৰপেটা দলে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কোকৰাঝাৰ দলে ২৫ অভাৰত ৬টা উইকেটৰ বিনিময়ত ৭৭ ৰাণহে কৰিবলৈ সমর্থ হয়।
Assamese | April 9, 2025 8:10 PM | Cricket
পুলিন দাস আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত নামনি অসম মণ্ডলৰ খিতাপ অৰ্জন