মেলবর্ণত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি প্রথমদিনা অষ্ট্ৰেলিয়াই দিনান্তত ৬ উইকেটৰ বিনিময়ত ৩১১ ৰান সংগ্ৰহ কৰে। আজি অষ্ট্ৰেলিয়াই টচত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু লাবুচেঙৰ ৭২, চেম কনষ্টাছৰ ৬০, ওচমান খোৱাজাৰ ৫৭ আৰু ষ্টিভেন স্মিথৰ অপৰাজিত ৬৮ ৰানৰ সহায়ত ৩০০ ৰান অতিক্ৰম কৰে। অধিনায়ক পেট কামিন্ছে ৮ ৰান কৰি ষ্টিভেন স্মিথৰ সৈতে বেট ধৰি আছে। ভাৰতৰ হৈ যশপ্রীত বুমৰাই তিনিটা আৰু আকাশদীপ, ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰিছে।
Assamese | December 26, 2024 6:57 PM | Cricket
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ ৩১১ ৰান সংগ্ৰহ