কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ এখন কর্মীসভাত অংশগ্ৰহণ কৰিব। এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা শ্ৰী গান্ধীয়ে গুজৰাটৰ ৰাজকোট ক্রীড়া মণ্ডলৰ অগ্নিকাণ্ডৰ ঘটনাৰ লগতে অন্যান্য কেইবাটাও ঘটনাৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ৫ গৰাকী কংগ্ৰেছ কৰ্মীৰ পৰিয়ালৰ লোকসকলকো লগ ধৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আহমেদাবাদত থকা গুজৰাট প্রদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ বাহিৰত অলপতে হোৱা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘৰ্ষৰ পাছতে শ্ৰী গান্ধীয়ে গুজৰাটলৈ অহাৰ সিদ্ধান্ত লয়। সাংসদ ৰাহুল গান্ধীয়ে লোকসভাত দিয়া এটা মন্তব্যক কেন্দ্ৰ কৰি এই সংঘৰ্ষৰ সৃষ্টি হৈছিল।
Assamese | July 6, 2024 5:35 PM | Congress | Rahul Gandhi
আজি বিয়লি আহমেদাবাদত গুজৰাট ৰাজ্যিক কংগ্ৰেছৰ কর্মীসভাত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব