◊ কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে ন্যায়পত্র বা গেৰাণ্টি কার্ড মুকলি কৰিছে। এই অনুসৰি দলটোৱে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীক নিযুক্তিৰ নিশ্চিতিৰে যুৱপ্ৰজন্মৰ প্ৰতি ন্যায় নিশ্চিতকৰণৰ প্ৰতিশ্ৰুতি দিছে। একেদৰে, স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী নিশ্চিত কৰাৰ পদক্ষেপ হিচাপে কৃষকৰ প্ৰতি ন্যায়, সামাজিক আৰু আৰ্থিক সমতাৰ বাবে প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকপিয়লৰ নিশ্চিতি হিচাপে অংশীদাৰিত্ব ন্যায়ৰো আৰু দলটোৱে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাক বছৰি এক লাখ টকা প্ৰদানৰ লক্ষ্যৰে মহিলাৰ বাবে ন্যায় আৰু শ্ৰমিকলৈ কমেও চাশি টকাৰ দৈনিক মজুৰি প্ৰদানৰ লক্ষ্যৰে শ্ৰমিকৰ বাবে ন্যায় প্ৰদানৰ দলটোৱে প্ৰতিশ্ৰুতি দিছে।
Assamese | April 3, 2024 8:34 PM | Congress | Election 2024 | guarantee card | Lok Sabha Elections 2024
জনসাধাৰণৰ প্ৰতি ৫টা ন্যায় নিশ্চিত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ গেৰাণ্টি কার্ড মুকলি