গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ নুনমাটিৰ শ্যামনগৰৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিশুটিৰ পিতৃ-মাতৃৰ সৈতে মত বিনিময় কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ কালি ৰাজগড়ত উদ্ধাৰ কৰা হৈছিল। কংগ্ৰেছ দলৰ সাংসদ ৰাহুল গান্ধীয়ে আজি এই শিশুটিৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ।
Assamese | July 8, 2024 8:37 PM | CM Visit
অবিনাশ সৰকাৰৰ শ্যামনগৰৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত