October 24, 2025 12:29 PM

views 36

আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্রীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্রহণ কৰিব। মুখ্যমন্ত্রীয়ে ইতিমধ্যে শ্রীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰে। মহিলাসকলক আর্থিকভাবে স্বাৱলম্বী কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উদ্যোগী মনোভাৱেৰে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডতো মুখ্যমন্ত্রীয়ে দুপৰীয়াৰ ভাগত শিলচৰ বিধানসভা সমষ্টিৰ ১৩...

September 21, 2024 10:59 AM

views 34

ঢেকীয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমুর্তি উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ঢেকীয়াজুলিত অনুষ্ঠিত হ'বলগীয়া বিশেষ কাৰ্যসূচীত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমুর্তি উদ্বোধন কৰিব। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ঢেকিয়াজুলিৰ ১১ গৰাকী বীৰ-বীৰাংগনাৰ স্মৃতিত এই স্মাৰক উদ্যান সাজি উলিওৱা হৈছে। জাতীয়তাবাদ আৰু দেশপ্ৰেমক প্রতিফলিত কৰা বিভিন্ন কাৰ্যসূচী পৰিৱেশিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বৰা আৰু গৃহ নির্মাণ ত...

July 8, 2024 8:37 PM

views 38

অবিনাশ সৰকাৰৰ শ্যামনগৰৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত

গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰ নামৰ শিশুটিৰ নুনমাটিৰ শ্যামনগৰৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে শিশুটিৰ পিতৃ-মাতৃৰ সৈতে মত বিনিময় কৰাৰ লগতে সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ কালি ৰাজগড়ত উদ্ধাৰ কৰা হৈছিল। কংগ্ৰেছ দলৰ সাংসদ ৰাহুল গান্ধীয়ে আজি এই শিশুটিৰ মৃত্যুক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা ৰাজ্যখনৰ প্ৰতিজন ব্...

June 21, 2024 7:57 PM

views 27

শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ তৎপৰতা আৰম্ভ

ৰাজ্য চৰকাৰে শ্বহীদ কনকলতা বৰুৱাৰ নামত গহপুৰত প্ৰস্তাৱিত বিশ্ববিদ্যালয় স্থাপনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মন্ত্ৰী অশোক সিংহলে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ভূমি পৰিদৰ্শন কৰে। লগতে অসম চাহ নিগম লিমিটেডৰ পৰা বিশ্ববিদ্যালয়ৰ নামত ভূমি হস্তান্তৰকৰণ আৰু স্থানীয় ৰাইজৰ সা-সুবিধাৰ বিষয়টোক লৈ বিভিন্ন দল-সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনাত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগু আৰু মন্ত্ৰী সিংহলৰ লগতে বিধায়ক উৎপল বৰা...