মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্তেম্বৰত হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮ বছৰ অনূর্ধ ল’ৰা-ছোৱালীৰ বাবে ৰাজ্যজুৰি ছেপ্তেম্বৰত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰাৰ পৰিকল্পনা কৰিছে। এই শিবিৰত হৃদৰোগ, স্নায়ুৰোগ, জেনেটিক ৰোগ, যকৃৎ তথা বৃক্ক ৰোগ, চকু, কাণৰ ৰোগকে ধৰি ৫০ বিধ ৰোগ চিনাক্ত কৰি যাৱতীয় ব্যৱস্থা লোৱা হ’ব।
Assamese | July 14, 2025 6:50 PM | CM
দিছপুৰৰ লোকসেৱা ভৱনত স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক