উজনিৰ বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়- ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাহমৰাৰ চুমনি গাওঁ আৰু সোণাৰীৰ ৮ নম্বৰ ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

তেওঁ কয়, যে ৯ আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয়-ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।

ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন আর্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে।