August 4, 2026 1:01 PM

views 5

উজনিৰ বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি জনসাধাৰণক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নাজিৰা, মাহমৰা আৰু সোণাৰী সমষ্টিৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়- ক্ষতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নাজিৰা সমষ্টিৰ চন্তক, নেপালীখুটি আৰু সুন্দৰপুখুৰী অঞ্চল পৰিদৰ্শন কৰাৰ পাছত মাহমৰাৰ চুমনি গাওঁ আৰু সোণাৰীৰ ৮ নম্বৰ ৱাৰ্ডত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয়, যে ৯ আগষ্টৰ পৰা চৰকাৰী বিষয়াসকলে ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰে ঘৰে গৈ ক্ষয়-ক্ষতিৰ জৰীপ চলাব। তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভো...