August 5, 2026 12:05 PM | cm on flood assam

printer

উজনি অসমৰ বানপীড়িত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ

উজনি অসমৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্রস্তুত কৰিব। বান পৰিস্থিতি পর্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে।

তেওঁ কয়, যে ইতিমধ্যে ১ লাখ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত ১০ আগষ্টত ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাশন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পর্যাপ্ত নলা-নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে নগৰখনত আৱদ্ধ পানীখিনি উলিয়াই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে স্থায়ীভাৱে বান সমস্যা সমাধান সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হ’ব ।