August 5, 2026 12:05 PM

views 21

উজনি অসমৰ বানপীড়িত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ

উজনি অসমৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্রস্তুত কৰিব। বান পৰিস্থিতি পর্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ইতিমধ্যে ১ লাখ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত ১০ আগষ্টত ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয...