June 17, 2026 8:40 PM | cm neet

printer

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষ সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। 

এই বৈঠকত কোনো ধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুই তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ’ব লাগিব। 

পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে ১৪৪ ধাৰা জাৰি কৰা হ’ব। তদুপৰি বৈধ প্ৰৱেশ-পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাহনসমূহত পৰীক্ষাৰ দিনটোত যাতায়ত বিনামূলীয়া হ’ব। 

পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনোৱে মোবাইল ফোন অবৈধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা লোৱা হ’ব। পৰীক্ষা কেন্দ্ৰসমূহ ২৪ ঘণ্টাই আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ অধীনত থাকিব। তদুপৰি প্ৰশ্নকাকতসমূহ সামৰিক বাহিনীৰ বিষয়াৰ জৰিয়তে সৰবৰাহ কৰা হ’ব। সকলো পৰীক্ষা কেন্দ্ৰতে চিচি টিভিৰ দ্বাৰা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যত এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে।

আনহাতে ৰাজ্যত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নীটৰ পুনৰ পৰীক্ষা পৰিচালনা কৰিবলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানৰ সভাপতিত্বত কালি অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া-কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ম’বাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক স্ট্রং ৰূম আৰু পৰীক্ষাকেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰবহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।