মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ড° শৰ্মাই লগতে সদৌ অসম চাহ জনজাতি ছাত্র সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ সৈতে জনগোষ্ঠীটোৰ কল্যাণ সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বৈঠকতে সদ্যঘোষিত এম বি বি এছৰ ৩০ খন সংৰক্ষিত আসন লাভৰ বাবে চাহ জনগোষ্ঠীয় লোকসকলক প্ৰতিখন জিলাতে বিশেষ প্ৰমাণপত্ৰ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তিনিজনীয়া সদস্যৰ উপদেষ্টা সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। বৈঠকত চাহ জনজাতিৰ লোকসকলৰ কল্যাণ সম্পৰ্কীয় অন্যান্য দিশসমূহ আলোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰ চাহ বাগিচাৰ আদিবাসী সমাজৰ বিকাশ নিশ্চিত কৰাৰ হকে প্ৰতিশ্ৰুতিবদ্ধ।
Assamese | September 8, 2025 12:28 PM | cm meeting
লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক