মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্ত আৰু সম-জিলাৰ আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ সন্দৰ্ভত আলোচনা কৰে। অহা ১৯ মাৰ্চত কামৰূপ জিলাৰ পলাশবাৰীত কেন্দ্ৰীয়ভাৱে এই যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ’ব। প্ৰতিখন জিলা আৰু সম-জিলাত একে সময়তে এই অনুষ্ঠানৰ আয়োজন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আৰু সম-জিলা আয়ুক্তসকলক নির্দেশ জাৰি কৰে। এই দিনটোতে ৰাজ্যখনৰ ৩ লাখ ৮৮ হাজাৰ ৩৫৮গৰাকী হিতাধিকাৰীক প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্ৰ বিতৰণ কৰা হ’ব। বৈঠকত জিলা আৰু সম-জিলাসমূহত গামোছা বিতৰণ কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰা হয়। দুয়োটা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আয়ুক্তসকলক যাৱতীয় নির্দেশনা দিয়ে।
Assamese | March 17, 2025 6:48 PM | CM
অহা ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকলক প্রথম কিস্তিৰ ধন বিতৰণ